1869 চনত আইৰিচ কবি Kathleen O’Mearaই অন্য এক পৰিস্থিতিত লিখা ‘AND PEOPLE STAYED HOME’ কবিতাটিৰ অসমীয়ালৈ মুকলি ভাঙনিৰ এক প্ৰচেষ্টা ক’ৰোনা সংক্ৰমণৰ সময়ৰ পৰিপ্ৰেক্ষিতত
তেওঁলোক নিজৰ ঘৰতেই – -
ৰচনা ৩.৪.২০২০
(পুলক জ্যোতি শৰ্মা)
--- আৰু তেতিয়া তেওঁলোক নিজৰ নিজৰ ঘৰতেই সোমাই ৰ’ল
তেওঁলোকে পঢ়িবলৈ বুলি কিতাপ মেলি ল’লে
পৰিয়ালৰ ইজনে সিজনৰ কথালৈ কান দিলে
জিৰণিও ল’লে আৰু অলপ-অচৰপ বায়্যামো কৰিলে
ৰং-তুলিকা লৈ ছবিও আঁকিলে আৰু খেলিলেও
জী থকাৰ যেন নতুন প্ৰেৰণা বিচাৰি পালে
নীৰৱ নিজঞ্জাল সময়ত তেওঁলোক চিন্তাত মগন হ’ল
যেন নিৰলে নিজকে বুজিবলৈ, আত্মাৰ স্বৰধ্বনি শুনিবলৈ
আৰম্ভ হ’ল এক অন্তৰ্মুখী যাত্ৰা
কোনোৱে ধ্যানত কোনোৱে প্ৰাৰ্থনাত
কোনোৱে নৃত্য-গীতত
আৰু কোনোৱে নিজৰ ছাঁটোৰ সৈতেই একাত্ম হৈ
অন্তৰাত্মাৰ সন্ধানত ব্ৰতী হ’ল
হৃদয়ৰ অন্তঃস্থলত অনুভূত হ’ল সেই স্বৰধ্বনিৰ অনুৰণন
তাৰ প্ৰতিধ্বনিত তেওঁলোকৰ চিন্তাই সুঁতি সলালে
নতুন জীৱনবোধৰ উন্মেষ হ’ল
যত আঘাত যত বেদনাৰ উপশম হ’ল
অৱশেষত
জীৱন আকাশৰ অজ্ঞানতা অন্ধকাৰতা অৰ্থহীনতাৰ কলীয়া ডাৱৰ আঁতৰি গ’ল
পাষান হৃদয়ৰ পিয়লা কৰুণাৰে পূৰ্ণ হ’ল
মনবোৰ ফৰকাল হ’ল
আৰু পৃথিৱীৰ অসুখ নিৰাময় হ’ল
আৰু যেতিয়া বিপদৰ ঘনঘোৰ ছাঁয়া আঁতৰি গ’ল
বন্ধ দুৱাৰ খুলি তেওঁলোক ওলাই আহিল মুকলি আকাশৰ তললৈ
ইজনে সিজনক লগ পালে নতুন ৰূপত
মৃত্যুৱে কাঢ়ি নিয়া সকলৰ প্ৰতি এটুপি চকুলো টুকি
জীৱনক ন-ৰূপে বাখ্যা কৰিলে
জীৱনৰ নতুন দিগন্ত আঁকিলে
আৰু নতুন পথেৰে সেই দিগন্ত অভিমুখে খোজ দিলে
পৃথিৱী মুখৰ হ’ল
সুখময় মধুময় জীৱন সঙ্গীতেৰে
(প্ৰকাশ ‘আমাৰ অসম” ৬ এপ্ৰিল ২০২০)
AND PEOPLE STAYED HOME
(Kathleen O’Meara (1869))
And people stayed home
And read books and listened
And rested and exercised
And made art and played
And learned new ways of being
And stopped
And listened deeper
Someone meditated
Someone prayed
Someone danced
Someone met their shadow
And people began to think differently
And people healed
And in the absence of people who lived
In ignorant ways,
Dangerous, meaningless and heartless,
Even the earth began to heal
And when the danger ended
And people found each other
Grieved for the dead people
And they made new choices
And dreamed of new visions
And created new ways of life
And healed the earth completely
Just as they were healed themselves
********